মোম্বাইত হাজাৰ হাজাৰ মানুহে Lock Down ভংগ কৰিলে, বান্দা ষ্টেচনত মানুহৰ ভিৰ কিয়?

দেশত কৰ’না ভাইৰাছ ৰ কাৰণে Lock Down চলি আছে, কিন্তু আজি মোম্বাইৰ বান্দা ষ্টেচন ত বহুতো মানুহে ভিৰ কৰিলে। প্ৰায় ১৫০০ মনুহ বান্দা ষ্টেচন ত ভিৰ কৰিলে।


দেশত কৰ’না ভাইৰাছ ৰ কাৰণে Lock Down চলি আছে, কিন্তু আজি মোম্বাইৰ বান্দা ষ্টেচন ত বহুতো মানুহে ভিৰ কৰিলে। প্ৰায় ১৫০০ মনুহ বান্দা ষ্টেচন ত ভিৰ কৰিলে।তেওঁ লোকে এনেকুৱা উৰা বাতৰি পাইছিল যে তাৰ পৰা পুনৰ ৰেলসেৱা আৰম্ভ হব।এই কাৰণে হাজাৰ হাজাৰ মানুহ তাত ভিৰ লাগিছিল।এওঁলোকৰ ভিতৰত বেছি ভাগেই অন্য ৰাজ্যৰ আছিলে, যিয়ে মোম্বাইত কাম কৰিছিল।



এই ঘটনাৰ সন্দৰ্ভত মোম্বাই পুলিচৰ পি.আৰ.ও ডিচিপি প্ৰনয় অশোকে কয় যে আজি সন্ধিয়া ৪ বজাত প্ৰায় ১৫০০ মনুহ বান্দা ষ্টেচন ত ভিৰ হৈছিল।এওঁলোকৰ ভিতৰত বেছি ভাগেই অন্য ৰাজ্যৰ আছিলে, যিয়ে মোম্বাইত কাম কৰিছিল।তেওঁ লোক Lock Down বঢ়োৱাৰ কাৰণে অসন্তুষ্ট আছিল আৰু নিজৰ ঘৰলৈ যাব বিচাৰিছিল।স্থানীয় পুলিচ অধিকাৰীয়ে সোনকালে যায় তেওঁলোকৰ লগত কথা পাতে আৰু বুজাই।


এই ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত সাহে মহাৰাষ্ট্ৰ ৰ মুখ্যমন্ত্ৰীক ফো’ন কৰে আৰু পৰিস্থিতি বুজ লয়।গৃহ মন্ত্ৰী অমিত সাহে কয় যে এনেকুৱা ঘটনাৰ কাৰনে ভাৰতে কৰ’নাৰ বিৰুদ্ধে চলাই থকা যুদ্ধ দুৰ্বল হৈ পৰে আৰু এনেকুৱা ঘটনা ৰ কাৰণে প্ৰশাসন সৰ্তক থকাৰ প্ৰয়োজন।

মহাৰাষ্ট্ৰত কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ ২৪৫৫ টা হ’ল।

Leave a Comment